পাঁচনি সকলৰ কৰ্ম
গ্রন্থ ৰচয়িতা
লুক, তেওঁ এজন চিকিৎসক, তেঁৱেই এই পুস্তকৰ লিখক। পাঁচনিৰ কর্মৰ বহু অনুষ্ঠানত লুক আছিল এজন প্রত্যক্ষ্যদর্শী, সেয়ে বহু বিভাগত তেওঁ আমি ব্যৱহাৰ কৰাৰ দ্বাৰা ইয়াক নিশ্চিত কৰিছে। (16:10-17; 20:5-21:18; 27:1-28:16)। পৰম্পৰাগতভাবে তেওঁক এজন অনা-যিহূদী হিচাপে দেখা যায়, প্রাথমিকভাবে তেওঁ এজন প্রচাৰক আছিল।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্ৰায় 60-63 খ্রীষ্টাব্দৰ মাজ ভাগত।
এই লেখাৰ মূল স্থান হয়তো হ’ব পাৰে যিৰুচালেম, চমৰীয়া, লুদ্দা, যোফা, আন্তখিয়া, ইকোনিয়া, লুষ্ট্রা, দর্বি, ফিলিপী, থিচলনীকীয়া, বীৰয়া, এথেন্স, কৰিন্থ, ইফিচ, কৈচৰিয়া, মল্টা, ৰোম।
প্রাপক
লুকে থিয়’ফিলাচৰ প্রতি লিখিছিল (পাঁচনি 1:1)। দুর্ভাগ্যবশতঃ থিয়’ফিলাচ কোন হয় এই বিষয়ে বেছি একো জনা নাযায় কিছু সম্ভাবনামুলক কথা হিচাপে কোৱা হয় যে তেওঁ লুকৰ এজন পৃষ্ঠপোষক আছিল (যাৰ অর্থ হ’ল “ঈশ্বৰৰ প্রিয়”) ইয়াক সকলো খ্রীষ্টিয়ান সকলৰ এক নির্দেশনা হিচাপে সমগ্র মানৱ জাতিৰ সৈতে ব্যৱহাৰ কৰা হয়।
উদ্দেশ্য
পাঁচনিৰ কর্মৰ উদ্দেশ্য হ’ল মণ্ডলীৰ জন্ম আৰু বৃদ্ধিৰ কাহিনী কোৱা বুলি বুজায়, ধাৰাবাহিকভাবে এই বার্তা বাপ্তিষ্মদাতা যোহন, যীচু আৰু তেওঁৰ বাৰজন শিষ্যৰ পৰা আৰম্ভ হৈছে। ইয়ে আমাক পঞ্চাশদিনীয়া পর্বৰ দিনত পবিত্র আত্মাৰ মাধ্যমত খ্রীষ্টিয় বিশ্বাস বিয়পি যোৱাৰ তথ্য দিয়ে।
মূল বিষয়
শুভবার্তাৰ বিস্তাৰ লাভ।
প্রান্তৰেখা
1. পবিত্র আত্মাৰ প্রতিজ্ঞা — 1:1-26
2. পবিত্র আত্মাৰ উদ্ভাস — 2:1-4
3. পাঁচনিসকলৰ পৰিচর্যা পবিত্র আত্মাৰ দ্বাৰা সক্রিয় কৰা হৈছে আৰু যিৰুচালেম মণ্ডলীত হোৱা তাড়না — 2:5-8:3
4. যিহুদীয়া আৰু চমৰীয়াত পবিত্র আত্মাৰ দ্বাৰা সক্রিয় ৰূপত পৰিচর্যা কৰা — 8:4-12:25
5. বিশ্বৰ আন আন প্রান্তত পবিত্র আত্মাৰ যোগে পাঁচনিসকলৰ পৰিচর্যা — 13:1 - 28:31
1 অধ্যায়
শিষ্য সকলৰ সন্মুখত প্রভু যীচুৰ স্বর্গাৰোহণ
1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।
2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
3 ক্রুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
4 এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
5 যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”
6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”
7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে।
10 এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে,
11 “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
12 তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
13 যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
14 তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
যিহূদাৰ পদত মত্তথিয়ক নিযুক্ত কৰা
15 সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,
16 “হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
17 তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।
18 দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।
19 এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।”
20 পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে,
‘তেওঁৰ থকা ঠাই নিৰ্জন হওক,
‘তাত কোনো মানুহ নাথাকক;
আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।’
21 গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যি সকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল,
22 সেই লোক সকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
23 তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
24 পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
25 কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।”
26 পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।