যিহিষ্কেল
গ্রন্থ ৰচয়িতা
এই পুস্তক খন পুৰোহিত আৰু ভাববাদী, বুজিৰ পুত্র যিহিষ্কেলে লিখা। তেওঁ যিৰূচালেমত থকা এটা পুৰোহিত পৰিয়ালত জন্মিছিল আৰু নির্বাসনৰ সময়ত বেবিলনত ইহুদিসকলৰ সৈতে বাস কৰিছিল। যিহিষ্কেলৰ পুৰোহিত বংশৰ খ্যাতিৰ যোগেদি তেওঁৰ ভাববাদীৰ পৰিচর্যা কৰিছিল, তেওঁ প্রায়ে নিজে কিছুমান বিষয়ৰ প্রতি সচেতন আছিল, যেনে মন্দিৰ, পৌৰহিত্যৰ, ঈশ্বৰৰ মহিমা, আৰু বলিদান পদ্ধতি।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 593-570 খ্রীষ্টপূর্বৰ ভিতৰত।
যিহিষ্কেলে এই পুস্তক বেবিলনৰ পৰা লিখিছিল, কিন্তু তেওঁৰ ভাববাণীবোৰ আছিল ইস্রায়েল, ইজিপ্ত আৰু চুবুৰীয়া অন্যান্য দেশকলৈ উদ্বিগ্ন হোৱা।
প্রাপক
বেবিলনৰ নির্বাসনত থকা আৰু ঘৰত থকা ইস্রায়েলসকল; আৰু পাছত বাইবেলৰ সকলো পাঠক।
উদ্দেশ্য
যিহিষ্কেলে তেওঁৰ প্রজন্মৰ মাজত পৰিচর্যা কৰিছিল, যিসকল আছিল উভয়ে অতি পাপী আৰু অতিশয় হতাশাগ্রস্থ। অর্থাৎ তেওঁৰ ভাববাদী পৰিচর্যাত তেওঁ তেওঁলোকক তৎক্ষণাৎ মনপালটন কৰাই আনিবলৈ আৰু দূৰৈত থকা ভৱিষ্যত প্রতি ভাৰসা দিবলৈ প্রচেষ্টা চলাইছিল। তেওঁ শিক্ষা দিছিল যে ঈশ্বৰে মানৱ বার্তাবাহকসকলৰ যোগেদি কাম কৰে, আনকি পৰাজয়ৰ যোগেদি আৰু ঈশ্বৰৰ লোকৰ হতাশাত ঈশ্বৰৰ সার্বভৌম প্রয়োজনীয়তাই নিশ্চিত প্রদান কৰে। ঈশ্বৰৰ কর্ম কেতিয়াও নিষ্ফল নহয়, ঈশ্বৰ বর্তমান হয় আৰু তেওঁৰ আৰাধনা সকলোতে কৰিব পাৰি। যেতিয়া আমি বিনষ্ট হোৱা অনুভৱ কৰো,সেই অন্ধকাৰ সময়বোৰত যিহিষ্কেল পুস্তক খনে আমাক ঈশ্বৰক যে তেতিয়া বিচাৰি পোৱা যায়, সেই কথা সোঁৱৰাই দিয়ে; আমাৰ জীৱনক নিজকে পৰীক্ষা কৰিব দিয়ে, আৰু একমাত্র সত্য ঈশ্বৰৰ সৈতে আমাক শ্রেণীবদ্ধ কৰায়।
মূল বিষয়
প্রভুৰ মহিমা
প্রান্তৰেখা
1. যিহিষ্কেলৰ আহ্বান — 1:1-3:27
2. যিৰূচালেম, যিহূদা আৰু মন্দিৰৰ বিৰুদ্ধে ভবিষ্যত বাণী — 4:1-24:27
3. জাতিসমূহৰ বিৰুদ্ধে ভবিষ্যদ্বানী — 25:1-32:32
4. ইস্রায়েলীসকলৰ সম্পর্কে ভবিষ্যদ্বানী — 33:1-39:29
5. পুনৰূদ্ধাৰৰ দর্শন — 40:1-48:35
1 অধ্যায়
যিহিষ্কেলক কাৰ্যত নিযুক্ত কৰাৰ দৰ্শন।
1 ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
2 পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,
3 কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।
4 তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।
5 তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল।
6 কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।
7 তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল।
8 তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল:
9 তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।
10 তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।
11 তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে।
12 তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।
13 সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল।
14 সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।
15 মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।
16 সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়।
17 যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।
18 চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা।
19 যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে।
20 আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
21 তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
22 আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।
23 চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
24 তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।
25 তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।
26 তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।
27 আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।
28 বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।