ইব্ৰীসকলৰ প্ৰতি পত্ৰ
গ্রন্থ ৰচয়িতা
ইব্রী পত্রৰ লিখক সম্পর্কে অৱশেষত ৰহস্যই আচ্ছাদিত কৰি ৰাখিছে। কিছুমান পণ্ডিতে লিখক হিচাপে পৌলক প্রস্তাৱ কৰা দেখা যায়, কিন্তু প্রকৃত লিখকৰ নাম প্রকাশত অনিচ্ছুক। আন কোনো পুস্তকত এইদৰে খ্রীষ্টক খ্রীষ্টিয় উচ্চ পুৰোহিত, হাৰোণীয় পুৰোহিত ব্যৱস্থাতকৈ উচ্চ পৌৰহিত্যৰ আৰু ভাববাদী আৰু বিধানৰ সিদ্ধিকর্তা বুলি অলংকৃত কৰি বাখ্যা কৰা নাই। এই পুস্তক খনে খ্রীষ্টক লিখক আৰু আমাৰ বিশ্বাসৰ পূর্ণতা হিচাপে উপস্থাপন কৰিছে (ইব্রী 12:2)।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্ৰায় 64-70
খ্রীষ্টাব্দৰ মাজভাগত ইব্রী পত্ৰখন যিৰুচালেমত লিখা, কিছুমান হয়তো খ্রীষ্টৰ স্বর্গাৰোহণৰ পাছৰ সময়ত আৰু কিছু হয়তো যিৰূচালেম ধ্বংসৰ আগ ভাগত লিখা।
প্রাপক
প্রাথমিকভাবে এই পত্রত, যিসকল পুৰণি নিয়মৰ সৈতে পৰিচিত, সেই ইহুদি ধর্মৰ পৰা পৰিৱর্তন হোৱা সকলক আৰু যিসকলে যিহূদীবাদৰ পৰা উভতি যাবলৈ বা শুভবার্তাৰ পৰা যিহূদীবাদলৈ প্রলুব্ধ হৈছিল, সেই সকলক উদ্দেশ্য কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত প্রস্তাৱ কৰা হৈছে যে, এই প্রাপক “বৃহৎ সংখ্যক পুৰোহিত, যিসকলে বিশ্বাসৰ প্রতি অনুগত হৈ গৈছিল” (পাঁচনি 6:7)।
উদ্দেশ্য
ইব্রী পত্রৰ লিখক স্থানীয় ইহুদি শিক্ষাৰ প্রত্যাখ্যান আৰু যীচুৰ ওচৰত বিশ্বস্ত থকাৰ কাৰণে সেই ঠাইৰ দর্শকসকললৈ উপদেশ লিখিছিল যে যীচু খ্রীষ্ট উচ্চতৰ, ঈশ্বৰৰ পুত্র, স্বর্গদুত, পুৰোহিত, পুৰণি নিয়মৰ নেতাসকল আৰু যিকোনো ধর্মতকৈ উত্তম। ক্রুচৰ দ্বাৰা মৃত্যুবৰণ আৰু মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা, যীচুৰ বিশ্বাসীসকলক দিয়া মুক্তি আৰু অনন্ত জীৱন সম্পর্কত দিয়া নিশ্চয়তা, আমাৰ পাপৰ বাবে খ্রীষ্টৰ আত্মত্যাগ আছিল নিখুত আৰু সম্পূর্ণ, বিশ্বাস ঈশ্বৰৰ পছন্দনীয়, আমি ঈশ্বৰৰ আনুগত্য হোৱাৰ যোগেদি আমাৰ বিশ্বাস প্রকাশ হয়।
মূল বিষয়
খ্রীষ্টৰ শ্রেষ্ঠত্ব।
প্রান্তৰেখা
1. স্বর্গদূতসকলতকৈ যীচু খ্রীষ্টৰ শ্রষ্ঠত্ব — 1:1-2:18
2. যীচু বিধান আৰু পুৰণি নিয়মতকৈ উচ্চতৰ — 3:1-10:18
3. বিচাৰৰ মাধ্যমত বিশ্বস্ত আৰু সহ্য কৰাৰ আহ্বান — 10:19-12:29
4. চূড়ান্ত উদগণি বা অন্তিম উৎসাহ — 13:1-25
1 অধ্যায়
যীচু স্বৰ্গৰ দূত সকলতকৈ মহান
1 পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে।
3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
4 ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।
5 কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে,
“তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?”
আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে,
“মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
6 পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে,
“ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”
7 স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে,
“তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ
সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে,
“হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী,
তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।
9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।”
10 “হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
11 সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।
12 তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
13 কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে,
“মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা
নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
14 সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?