2 অধ্যায়
যোনাৰ প্রার্থনা 
 
1 যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।  
2 তেওঁ ক’লে,  
“মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো;  
তাতে তেওঁ মোক উত্তৰ দিলে।  
চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।   
3 আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে  
আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে,  
আপোনাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গ’ল।   
4 মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি  
দিলে; মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম?   
5 জল সমূহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈ  
গ’ল; অগাধ জলে মোক আগুৰি ধৰিলে;  
সাগৰৰ লতা-বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে।   
6 মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ;  
নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে;  
কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে।   
7 মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল,  
মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা  
আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।   
8 যিসকলে অসাৰ দেৱতাবোৰক মানে,  
তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।   
9 কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;  
মই কৰা সংকল্প সিদ্ধ কৰিম;  
পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”   
10 পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে।