মলাখী
গ্রন্থ ৰচয়িতা
মলাখী 1:1 পদে এই “মলাখী পুস্তক”ৰ লিখক হিচাপে ভাববাদী মলাখীক চিহ্নিত কৰে। এই নামটো ইব্রী শব্দৰ পৰা আহিছে, ইয়াৰ অর্থ হ’ল, “বার্তাবাহক”, এই দিশৰ পৰা চালে মলাখী ভাববাদী হিচাপে প্রভুৰ পৰা অহা, ঈশ্বৰৰ লোকসকলৰ প্রতি তেওঁ ঈশ্বৰৰ বার্তা প্রচাৰ কৰে। দুটা অর্থত “মলাখী”য়ে এই পুস্তকত আমালৈ বার্তা আনিছে, আৰু তেওঁৰ বার্তা হ’ল যে, ভবিষ্যতে এজন বার্তাবাহক আহিব, মহান ভাববাদী এলিয়াৰ দৰে এজন প্রভুৰ দিন অহাৰ আগতে উভতি আহিব।
লিখাৰ স্থান আৰু সময়
লিখাৰ আনুমানিক সময় প্ৰায় 430 খ্রীষ্টপূর্বৰ ভিতৰত।
এইখন হ’ল নির্বাসনৰ পাছত লিখা পুস্তক, অর্থাৎ বেবিলনত থকা বন্দীত্বৰ পৰা উভতি অহাৰ পাছত লিখা।
প্রাপক
এয়া যিৰূচালেমত থকা ইহুদিসকলৰ প্রতি আৰু সকলোতে থকা ঈশ্বৰৰ লোকসকলৰ প্রতি লিখা পত্র।
উদ্দেশ্য
লোকসকলক মনত পেলাই দিবলৈ যে, ঈশ্বৰে যিবোৰ কৰে, সেই সকলোবোৰ তেওঁৰ লোকসকলৰ সহায়ৰ বাবে কৰে আৰু স্মৰণ কৰাই দিয়ে যে, ঈশ্বৰে তেওঁলোকক ধৰি ৰাখে বিচাৰক হিচাপে তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ মন্দতাৰ হিচাপ লবলৈ; বিধানৰ আশীর্বাদবোৰ পৰিপূর্ণ হ’বলৈ তেওঁলোকৰ মন্দতাৰ পৰা মনপালটন কৰিবলৈ প্রেৰণা দিয়ে। লোকসকলক ঈশ্বৰৰ ওচৰলৈ উভতি আহিবৰ বাবে মলাখীৰ যোগেদি ঈশ্বৰে সতর্কবাণী দিছিল। চূড়ান্ত পুস্তক হিচাপে এই পুস্তক খনেৰে পুৰণি নিয়ম সমাপ্ত হয়, ইস্রায়েলীসকলৰ কাণত সংকেত দিয়াৰ দৰে আহিবলগীয়া মছীহৰ যোগেদি ঈশ্বৰৰ ন্যায় আৰু তেওঁৰ পুনৰুত্থান প্রতিজ্ঞা উচ্চাৰিত হয়।
মূল বিষয়
লৌকিকতাবাদৰ বাধা
প্রান্তৰেখা
1. ঈশ্বৰৰ সন্মানৰ প্রতি পুৰোহিতসকলৰ উৎসাহ দিয়া — 1:1-2:9
2. বিশ্বাসযোগ্যতাৰ প্রতি যিহূদাৰ উৎসাহ — 2:10-3:6
3. ঈশ্বৰৰ প্রতি উভতি অহালৈ যিহূদাই দিয়া উৎসাহ — 3:7-4:6
1 অধ্যায়
1 মলাখীৰ দ্বাৰাই ইস্ৰায়েলীয়াসকললৈ যিহোৱাৰ বাক্য।
ইস্রায়েলীয়াসকলৰ প্রতি ঈশ্বৰৰ প্রেম
2 যিহোৱাই কৈছে, “মই তোমালোকক প্ৰেম কৰিলোঁ,” কিন্তু তোমালোকে কোৱা, “আপুনি আমাক কেনেকৈ প্ৰেম কৰিলে?” যিহোৱাই কৈছে, “এচৌ জানো যাকোবৰ ককায়েক নাছিল?
3 তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।”
4 যদিও ইদোমে কৈছে, “আমাক চূর্ণ-বিচূর্ণ কৰা হ’ল; কিন্তু আমি ধ্বংসস্থানবোৰ পুনৰায় সাজিম;” সেয়ে, বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোকে সাজিব পাৰে, কিন্তু মই ভাঙি পেলাম; লোক সকলে তেওঁলোকক ‘দুষ্টতাৰ দেশ’ আৰু ‘যিহোৱাই চিৰকাল ক্ৰোধ কৰা জাতি বুলি’ ক’ব।
5 ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাবা আৰু তোমালোকে ক’বা, “ইস্ৰায়েলৰ সীমাৰ বাহিৰতো যিহোৱা মহান হওঁক!”
পুৰোহিতসকলৰ কু-আচৰণ
6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
7 তোমালোকে মোৰ যজ্ঞ-বেদীৰ ওপৰত অশুচি খোৱা-বস্তু উৎসৰ্গ কৰিছা। তথপিও কৈছা, ‘আমি কেনেকৈ আপোনাক অশুচি কৰিলোঁ?’ এইকথা কওঁতেই যিহোৱাৰ মেজক ঘৃণিত কৰা হয়।
8 তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।
9 এতিয়া তোমালোকে ঈশ্বৰৰ ওচৰত নিবেদন কৰা যেন তেওঁ আমাৰ প্রতি সদয় হয়; তোমালোকৰ হাতেৰেই এনে উৎসর্গ কৰা হৈছে, সেয়ে তেওঁ জানো তোমালোকৰ এজনকো গ্রাহ্য কৰিব?” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।
10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম।
11 কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
12 “কিন্তু, তোমালোকেই ইয়াক অপবিত্র কৰিছা; কিয়নো তোমালোকে কৈছা, যিহোৱাৰ মেজ অশুচি; সেই মেজৰ ফল আৰু তাৰ খাদ্যক ঘৃণা কৰা হ’ব।
13 তোমালোকে পুনৰ কৈছা, ‘এয়া কি যে কষ্টকৰ’ আৰু তাৰ ওপৰত তোমালোকে ঘৃণাপূর্ণ হেষ্রাধ্বনি (নাকেৰে কৰা শব্দ) কৰা;” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকেতো লুট কৰা, খোৰা আৰু ৰোগীয়া পশু আনি বলি উৎসৰ্গৰ কাৰণে দিয়া! মই জানো সেয়া তোমালোকৰ হাতৰ পৰা গ্ৰহণ কৰিম?” ইয়াক যিহোৱাই কৈছে,
14 “যি ছলনাকাৰীয়ে নিজৰ মেৰ-ছাগৰ জাকৰ মাজত মতা মেৰ-ছাগ থাকিলেও প্ৰভুৰ উদ্দেশ্যে সঙ্কল্প কৰি এজনী ঘুণীয়া মাইকী পশুৰ বলি উৎসৰ্গ কৰে, তেওঁ শাপগ্ৰস্ত হওঁক; কিয়নো মই মহান ৰজা; সকলো জাতিৰ মাজত মোৰ নাম ভয়াবহ।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।