126 অধ্যায়
যাত্ৰাৰ সঙ্গীত। 
 
1 যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে,  
তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।   
2 তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল,  
আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল;  
আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে,  
“যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”   
3 যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে;  
সেয়ে আমি আনন্দ কৰিলোঁ।   
4 হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ,  
তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।   
5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।   
6 যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।