147 অধ্যায়
1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা;
কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম!
কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
2 যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে;
সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।
3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে,
তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
4 তেওঁ তৰাবোৰ গণনা কৰে;
তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।
5 আমাৰ প্ৰভু মহান;
তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
6 যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে;
দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা;
বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
8 যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে,
যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে,
যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
9 পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে
তেওঁ আহাৰ দিয়ে।
10 ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়,
মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;
11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে,
আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে,
তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
12 হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা;
হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।
13 কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে,
তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।
14 তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে;
তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।
15 তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়;
তেওঁৰ বাক্য ততালিকে ধাবমান হয়।
16 তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে,
ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।
17 তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়;
তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?
18 তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে;
তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
19 তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে;
আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।
20 অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই;
তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।