52 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল, - “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে” এইয়া সেই সময়ৰ ৰচিত গীত।
1 হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা?
ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
2 তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা;
হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
3 তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা,
সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।
4 হে ছলনাকাৰী জিভা,
যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
5 কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব;
তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব;
জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
6 ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব;
তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
7 “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে,
কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে,
দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে।”
8 কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা;
মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।
9 হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম;
তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল।