59 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। চৌলে লোক পঠোৱাত, সিহঁতে দায়ূদক বধ কৰিবৰ ছলেৰে ঘৰৰ ওচৰত খাপ দি থকা সময়ৰ গীত।
1 হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা;
মোৰ বিৰুদ্ধে উঠা সকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।
2 অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা;
ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।
3 কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে;
হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে।
4 তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে;
তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
5 হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ,
তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা;
কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। [চেলা]
6 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে;
নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।
7 চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে,
তেওঁলোকৰ ওঁঠত তৰোৱাল আছে;
কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
8 কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা;
তুমি সকলো জাতিকে উপহাস কৰিবা।
9 ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম;
কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।
10 মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী;
মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।
11 মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা।
হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।
12 তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে;
তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
13 তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে;
যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে,
পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা]
14 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক;
নগৰত চাৰিওফালে ভ্ৰমণ কৰক।
15 তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব;
যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত উজাগৰে থাকিব।
16 কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম;
এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম;
কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।
17 হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম;
কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।