6 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।
1 হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা;
তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
2 হে যিহোৱা, মোক কৃপা কৰা,
কিয়নো মই দুর্বল;
হে যিহোৱা মোক সুস্থ কৰা,
কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
3 মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে;
হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
4 হে যিহোৱা, মোলৈ ঘূৰি চোৱা,
মোৰ প্ৰাণ ৰক্ষা কৰা;
তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
5 মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়;
চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব?
6 মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো;
গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও;
মোৰ বিচনা তিতি যায়।
7 দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে;
শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
8 হে দুষ্ট কার্য কৰা লোকবিলাক,
তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা;
কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
9 যিহোৱাই মোৰ নিবেদন শুনিলে;
তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
10 মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব;
সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।