62 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত।
1 মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;
তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।
2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
3 এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা?
তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা।
4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;
তেওঁলোকে মিছা কথাত সন্তোষ পায়;
মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]
5 হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;
কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।
6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;
মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;
তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;
তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;
কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]
9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;
তেওঁলোক তৰ্জুত দাং খাব;
ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।
10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা;
বৃথা ধনী হ’বলৈ আশা নকৰিবা,
ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
11 ঈশ্বৰে এবাৰ ক’লে;
মই ইয়াক দুবাৰ শুনিলোঁ,
যে পৰাক্ৰম ঈশ্বৰৰহে।
12 হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন;
কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।