72 অধ্যায়
চলোমনৰ ৰচিত গীত।
1 হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা,
আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।
2 তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব;
ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব;
পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।
4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব,
অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব;
কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
5 তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
6 ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়,
তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
7 তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব;
যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব,
আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
9 মৰুভূমিৰনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব;
আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;
চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
11 এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;
আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
12 কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব;
আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
13 তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব;
দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
14 অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব;
তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
15 ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব;
লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব,
ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।
16 পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব;
সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব;
আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
17 ৰজাৰ নাম চিৰস্থায়ী হ’ব;
সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব;
লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব;
সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।
18 ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক;
যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।
19 তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক;
আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
20 যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।