3 অধ্যায়
1 চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ
“যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।
2 জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ।
3 এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম,আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।
4 কিন্তু যি সকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য।
5 যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
6 যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা”।
7 ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ
“যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয়
যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে,
যি জনে মেলিলে কোনেও বন্ধ নকৰিব
আৰু বন্ধ কৰিলে কোনেও নেমেলিব।
8 তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা।
9 চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।
10 তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
11 মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা।
12 যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰৰ (যি নতুন যিৰূচালেম,স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব), নাম আৰু নিজৰ নতুন নাম লিখিম।
13 যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
14 আৰু লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ
“যি জন আমেন, যি জন বিশ্বাসী আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়,
15 মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল।
16 এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ।
17 কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
18 এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
19 যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।
20 চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
21 মই নিজে যেনেকৈ জয় কৰিমোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
22 যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।