1 চমূৱেল
গ্রন্থ ৰচয়িতা
পুস্তক খনে কোনো লোককে লিখক হিচাপে দাবী কৰা নাই। তথাপিও চমূৱে‌‌লে হয়তো লিখিছিল, আৰু তেওঁ ইয়াৰ নিশ্চিত তথ্য সৰবৰাহ কৰিছে, 1 চমুয়েল 1:1-24:22, ই হ’ল তেওঁৰ জীৱনৰ এটা আত্মলেখা, আৰু ই তেওঁৰ মৃত্যুলৈকে বিৱৰণী দি আছে। এইটো অতি সম্ভাৱনাপূর্ণ বিষয় যে, এই পুস্তকৰ অংশবিশেষ ভাববাদী চমূৱে‌‌লে লিখা হয় বুলি। অন্যান্য সম্ভাৱনাৰ ভিতৰত 1 চমূৱেল পুস্তকত ভাববাদী বা বুৰঞ্জীবিদ নাথন বা গাদৰ অৱদান আছে (1 বংশা 29:29)।
লিখাৰ স্থান আৰু সময়
সম্ভৱতঃ লিখাৰ সময় প্রায় 1050-722 খ্রীষ্টপূর্বৰ মাজভাগত।
এই পুস্তক খন লিখকে ইস্রায়েল আৰু যিহূদা নামেৰে ৰাজ্যৰ বিভাগ হোৱাৰ পাছত লিখিছিল, ইয়াৰ স্পষ্ট কাৰণ হিচাপে ইস্রায়েল আৰু যিহূদাৰ বহুতো নির্দিষ্ট অস্তিত্বৰ নির্দেশনা আছে (1 চমুয়েল 11:8; 17:52; 18:16; 2 চমুয়েল 5:5; 11:11; 12:8; 19:42-43; 24:1,9)।
প্রাপক
এই পুস্তক খনৰ মূল পাঠকসকল হ’ল ইস্রায়েল আৰু যিহূদাৰ বিভাজিত ৰাজতন্ত্রৰ সদস্যসকল, যিসকলে জনাটো প্রয়োজন আছিল স্বর্গীয় পৰিপ্রেক্ষিতত দায়ুদৰ ৰাজত্বৰ মূল্য আৰু উদ্দেশ্য।
উদ্দেশ্য
প্রথমে চমূৱে‌‌লে কানান দেশৰ ইতিহাসৰ তথ্য লিপিৱদ্ধ কৰে, কাৰণ যিহেতু তেওঁলোকে বিচাৰকর্তাসকলৰ শাসনৰ পৰা সংযুক্ত জাতিৰ ৰজাসকলৰ অধীনলৈ আহিছিল। চমূৱে‌‌লে শেষ বিচাৰকর্তা হিচাপে অভ্যুদয় কৰে, তেঁৱেই প্রথমে চীল আৰু দায়ুদক ৰজা হিচাপে অভিষেক কৰে।
মূল বিষয়
অবস্থান্তৰ।
প্রান্তৰেখা
1. চমুয়েলৰ জীৱন আৰু পৰিচর্যা — 1:1-8:22
2. ইস্রায়েলৰ প্রথম ৰজা হিচাপে চৌলৰ জীৱন — 9:1-12:25
3. ৰজা হিচাপে চৌলৰ ব্যর্থতা — 13:1-15:35 দায়ুদৰ জীৱন — 16:1-20:42
4. ইস্রায়েলৰ ৰজা হিচাপে দায়ুদৰ অভিজ্ঞতা — 21:1-24:22
1 অধ্যায়
চমূৱেলৰ জন্ম আৰু তেওঁক উৎসৰ্গ কৰা। হান্নাৰ গীত
পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল। তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল। এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল। প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে। যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক* প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে। যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল। বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল। তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল। 10 তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে। 11 আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
12 এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল। 13 সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷ 14 এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।” 15 হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ। 16 আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।” 17 এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।” 18 তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
19 পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে। 20 পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”
21 আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল। 22 কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।” 23 তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷
24 সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল। 25 তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল। 26 হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই। 27 এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে। 28 সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।
* 1 অধ্যায়:5 হান্না 1 অধ্যায়:5 তেওঁ হান্নাক অধিক প্ৰেম কৰিছিল বাবে তেওঁক এভাগ দিলে। 1 অধ্যায়:16 ইব্ৰী শব্দ বেলিয়াল মানে চয়তান বা দুষ্টকৰ্ম কৰোঁতা। চাওক 1চমূৱেল 2:12, 10:27, 25:17, 30:22