পৰমগীত
গ্রন্থ ৰচয়িতা
এই পুস্তকৰ প্রথম পদৰ পৰা এই পুস্তকৰ শিৰোনামা চলোমনৰ গান বুলি ল’ব পাৰি, যিটো গীতৰ পৰা অহাৰ যোগেদি উল্লেখ হয়: “যিটো চলোমনৰ পৰম গীত” (1:1)। অবশেষত এই পুস্তকৰ শিৰোনাম ৰজা চলোমনৰ নামেৰে গ্রহণ কৰা হয়, কাৰণ এই পুস্তকৰ বিভিন্ন ঠাইত তেওঁৰ নামৰ উল্লেখ আছে (1:5; 3:7, 9, 11; 8:11-12)।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 971-965 খ্রীষ্টপূর্বৰ ভিতৰত।
এই পুস্তকৰ লিখক চলোমন। তেওঁ ইস্রায়েলৰ ৰজা হিচাপে ৰাজত্ব কৰাৰ সময়ত এই পুস্তকখন তেওঁ লিখিছিল। যিসকল পণ্ডিতে এই পুস্তক চলোমনে লিখা বুলি সন্মতি প্রদান কৰে, তেওঁলোকৰ মতে, চলোমনে এই পুস্তকখন তেওঁৰ ৰাজত্বকালৰ আৰম্ভণিতে লিখিছিল। এই কবিতাই কেৱল যুৱকসকলক উৎসাহিত কৰা বাবে নহয়, কিন্তু ইয়াত লিখকে দেশৰ দক্ষিণ আৰু উত্তৰ অঞ্চলৰ দুখন ঠাইৰ নাম উল্লেখ কৰাৰ লগতে লেবানন আৰু ইজিপ্তৰ নামো উল্লেখ কৰিছে।
প্রাপক
বিবাহিত দম্পতি আৰু একাকী বিবাহৰ চিন্তা।
উদ্দেশ্য
চলোমনৰ গান এটা গীতি কবিতা, য’ত প্রেমৰ প্রতি ভক্তিভাব প্রকাশ কৰিছে আৰু বিবাহক পৰিস্কাৰভাবে ঈশ্বৰৰ পৰিকল্পনা হিচাপে উপস্থাপন কৰিছে। এজন পুৰুষ আৰু এজনী নাৰীয়ে বিবাহৰ প্রসংগক্রমে এজনে আন জনৰ সৈতে আধ্যাত্মিকভাবে, আবেগত, আৰু শাৰীৰিকভাবে প্রেমত একেলগে বসবাস কৰিব লাগে।
মূল বিষয়
প্রেম আৰু বিবাহ
প্রান্তৰেখা
1. চলোমন সম্পর্কে ন-কইনাৰ ভাবনা — 1:1-3:5
2. ন-কইনাৰ বিবাহৰ বাবে বাগদানৰ স্বীকৃতি আৰু বিবাহৰ প্রতি অপেক্ষাৰত হোৱা — 3:6-5:1
3. ন-কইনাৰ দৰাক হেৰুওৱাৰ সপোন — 5:2-6:3
4. দৰা আৰু ন-কইনাৰ প্রশংসা — 6:4-8:14
1 অধ্যায়
চলোমনৰ পৰমগীত
1 ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-
কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা:
প্রিয়াৰ কথা
2 তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া,
কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
3 তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে;
বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম;
সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
4 (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম।
ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে;
প্রিয়ৰ প্রতি কইনাৰ কথা:
মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ;
মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
আন ৰমণীসকলৰ প্রতি:
5 হে যিৰূচালেমৰ
ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী;
মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
6 মই ক’লা বাবেই মোলৈ
চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে।
মোৰ ভাই-ককাইসকলে
মোৰ ওপৰত খং কৰি মোক
দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল;
সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই।
প্রিয়ৰ প্রতি যুৱতীৰ কথা:
7 হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়!
মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা?
তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা?
তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত,
মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম?
চলোমন আৰু তেওঁৰ কন্যা দুয়ো দুয়োতে সুখী
প্রিয়ৰ কথা:
8 তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী,
মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ
চিনবোৰৰ পাছে পাছে আহাঁ আৰু
তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
9 হে মোৰ প্ৰিয়তমা,
ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে,
মই তোমাক তুলনা কৰিছোঁ।
10 গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে,
আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
11 মই তোমাৰ কাৰণে ঠায়ে
ঠায়ে ৰূপ খচিত
সোণৰ অলঙ্কাৰ নির্মাণ কৰিম।
প্রিয়াৰ কথা:
12 ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল,
তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
13 মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে,
যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
14 মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল,
যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।
প্রিয়ৰ কথা:
15 চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া;
তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
প্রিয়াৰ কথা:
16 চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়;
তুমি কিমান যে সুন্দৰ!
আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
17 এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।