7 অধ্যায়
প্রিয়ৰ কথা:
1 হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন
দেখাত কিমান যে ধুনীয়া!
তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে,
সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
2 তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা;
তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়।
তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা,
যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।
3 তোমাৰ স্তন দুটা যেন
হৰিণীৰ দুটি পোৱালি,
এটি কৃষ্ণসাৰৰ যমজ পোৱালি।
4 হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা
তোমাৰ ডিঙিৰ গঠণ;
তোমাৰ নয়ন দুটি, হিচবোনত
বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা;
তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ
যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
5 তোমাৰ ওপৰত থকা মূৰটো
কৰ্মিল পাহাৰৰ নিচিনা, আৰু
তোমাৰ মূৰৰ চুলিকোছা
ঘন বেঙেনা বৰণীয়া;
সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
7 তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা,
বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
8 মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।”
তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক,
তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
9 তোমাৰ মূখৰ চুমা মোৰ বাবে
সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা।
সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।
প্রিয়াৰ কথা:
10 মই মোৰ প্ৰিয়ৰ,
আৰু তেওঁৰ বাঞ্ছা মোলৈ;
11 হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ,
আৰু ৰাতি গাৱঁবোৰত গৈ থাকোঁগৈ।
12 ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ;
দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই,
তাৰ ফুল ফুলিছে নে নাই,
আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ;
তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
13 দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে;
ন-পুৰণি সকলো ধৰণৰ ফল
আমি থকা ঠাইৰ দুৱাৰতে আছে।
হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।