তীতৰ প্ৰতি পত্ৰ
গ্রন্থ ৰচয়িতা
তীতৰ ওচৰলৈ লিখা এই পত্রৰ লিখক হিচাপে নিজকে পৌলে উল্লেখ কৰিছে, নিজকে ঈশ্বৰৰ এজন ভৃত্য আৰু যীচু খ্রীষ্টৰ এজন পাঁচনি বুলি সম্বোধন কৰিছে। (1:1). তীতৰৰ সৈতে পৌলৰ সম্পর্ক স্থাপনৰ মাজত ৰহস্য দেখা যায় যদিও আমি এই বিষয়ত কব পাৰোঁ যে, ইয়াক পৌলৰ পৰিচর্যাৰ অধীনলৈ ৰূপান্তৰিত কৰা হৈছে; ইয়াৰ বাবে তেওঁ তীতক সাধাৰণ বিশ্বাসৰ সত্য সন্তানলৈ পৰিণত কৰিছে (1:4)। পৌলে স্পষ্টভাবে তীতক বন্ধু আৰু শুভবার্তাৰ বাবে সহকর্মী বুলি মহান সন্মান দিছে, তেওঁৰ স্নেহৰ বাবে তীতৰ প্রশংসা, তেওঁৰ আগ্রহ, আৰু আন সকললৈ দিয়া সান্ত্বনা।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্ৰায় 63-65 খ্রীষ্টাব্দৰ মাজ ভাগত।
পৌলে তীতলৈ তেওঁৰ এই পত্র লিখিছিল নিকোপলিচৰ পৰা, যেতিয়া তেওঁক তেওঁৰ প্রথম ৰোমান কাৰাগাৰৰ পৰা মুকলি কৰি দিছিল। তাৰ পৰা তেওঁ পৰিচর্যা কৰিবলৈ ইফিচত থকা তীমথিয়ৰ ওচৰলৈ গুছি যায়, ইয়াৰ মাজতে ক্রীতি দ্বীপত পৌলে তীতৰ সংগ দিয়ে।
প্রাপক
তীতৰ প্রতি, ক্রীতিত থকা আন এজন সহযোগী কর্মী আৰু বিশ্বাসত থকা পুত্র।
উদ্দেশ্য
ক্রীতিত থকা কিছুমান নবীন মণ্ডলীত ঘটি থকা ঘটনাক সংশোধন কৰাৰ কাৰণে তীতক পৰামর্শ দিয়া, প্রতিষ্ঠানিক আসোৱাহ আৰু সদস্যসকলৰ অনিয়ন্ত্রিত আচৰণ, তাৰ বাবে তেওঁলোকক কৰা সাহার্য (1) আৰু নতুন নেতাৰ নিয়োগ কৰা (2) ক্রীতিত থকা অবিশ্বাসী সকলৰ আগত বিশ্বাসৰ উত্তম সাক্ষ্য দিবৰ বাবে তেওঁলোকক তৈয়াৰ কৰা (1:5).
মূল বিষয়
আচৰণৰ এক বিধি।
প্রান্তৰেখা
1. শুভেচ্ছা — 1:1-4
2. নেতাসকলক নিয়োগ কৰা — 1:5-16
3. বিভিন্ন বয়সৰ গোট সকলৰ সম্পর্কে নির্দেশনা — 2:1-3:11
4. সামৰণিৰ মন্তব্য — 3:12-15
1 অধ্যায়
মঙ্গলাচৰণ; মণ্ডলী শাসন সম্বন্ধীয় কথা
1 মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
2 সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷
3 ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্রচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷
4 সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
5 অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।
6 যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা।
7 অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷
8 কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷
9 আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ’বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।
10 কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
11 তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
12 তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে “ক্ৰীতীৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।”
13 এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা।
14 ইহুদী সকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷
15 নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।
16 ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।